অসমলৈ আদৰণি জনাইছো, উত্তৰ-পূৱ ভাৰতৰ প্ৰৱেশ দ্বাৰলৈ। এইখন দেশ নন্দনতাত্বিক সৌন্দৰ্য, সেউজীয়া পাহাৰ, চৰণীয়া পথাৰ, চাহ বাগিচা, নদীৰ চৰ-চাপৰি আৰু চাৰিওদিশে বন্যতাই বিৰাজ কৰা ঠাই। ২০° উত্তৰ আৰু ২৮° উত্তৰ অক্ষাংশ আৰু ৯০° পূৱ আৰু ৯৬° দ্ৰাঘিমাংশৰ মাজত অৱস্থিত এই ৰাজ্য খন অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ দ্বাৰা আগুৰি আছে। ইয়াৰ আছে উমৈহতীয়া আন্তৰ্জাতিক সীমা ভূটানৰ লগত ৫০০ কিঃমিঃ আৰু বাংলাদেশৰ লগত ২০০কিঃমিঃ। এই ৰাজ্যৰ মুঠ মাটি-কালি ৭৮.৪৩৮ বৰ্গ কিঃমিঃ।
এই মনোমোহা দেশৰ দীঘে-পথালিয়ে সমগ্ৰ ভূ-খণ্ড জল প্ৰপাতৰ দৰে বৈ যোৱা, উত্তৰত মহাবাহু ব্ৰহ্মপুত্ৰ আৰু দক্ষিণত বৰাক আৰু উপনৈ সমূহে পুষ্টি সাধন কৰি আছে গছ-বিৰিখ, জীৱ-জন্তু, পাহাৰ ভৈয়াম সকলোতে। উত্তৰ-পূৱ ভাৰত বিৰল প্ৰজাতিৰ আৰু বিলুপ্তপ্ৰায় গছ-বৃক্ষ আৰু জীৱ-জন্তুৰ কোষাগাৰ। এই অঞ্চল উৰ্বৰ বৰ্ষাৰণ্যৰ গৌৰৱময় ভূমি। ই ভাৰতৰ জৈৱবৈচিত্ৰৰ লিলা ভূমিয়ে অকল নহয় স্বৰ্গও। বাঘৰ গৰ্জণ, হৰিণৰ চিঞৰ, মূগা মতা হৰিণৰ হেম্বেলনি, খেলুৱৈ সূলভ হাতী আটাহ-দেদনিয়ে প্ৰকৃতি সংগীত জোৰে যি ক্ৰমে প্ৰতিধ্বনিত হৈ জৈৱিক চাপৰ উধৰ্ত উঠে।
পৰিবেশ আৰু বন বিভাগে এই জটিল কাহিনীক সুন্দৰ ৰূপে পৰিচালনা কৰিবলৈ চেষ্টা কৰি আহিছে। বন্যজন্তুৰ ক্ষেত্ৰত আমি বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। একশিঙীয়া গঁড় যেতিয়া ভাৰতত বিনুপ্ত হৈ যোৱাটো শতিকাত মাত্ৰ এক দৰ্জন ৰৈছিল গৈ, এতিয়া পুনঃসংস্থাপন কৰা হৈছে বৈজ্ঞানিক ভাৱে আৰু স্থায়ী পৰ্যায়েৰে। অসমে গৌৰব কৰিব পাৰে সংকটপূৰ্ণ আৰু বিৰল প্ৰজাতিৰ পক্ষীকূল আৰু উভচৰ প্ৰজাতিৰ বৃহৎ সংখ্যক গৰাকী হিচাপে। এইবোৰৰ ভিতৰত বাওনা গাহৰি, ঠৰঙা নোমৰ সহা পহু, বগা পাখীৰ বন হাঁহ, বৃহৎ আকাৰৰ ধনেশ পক্ষী আৰু বহুত।