মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Principal Chief Conservator of Forest & Head of Forest Force

সামাজিক বনাঞ্চল

  • অসমৰ বন সমূহৰ উদ্ভিদ আৰু জীৱ কূলৰ সমৃদ্ধিশালী জৈৱবৈচিত্ৰতা আছে। ইয়াৰ বন সমূহৰ ব্যাপক পৰিসৰ আছে ক্ৰমশ চিৰহৰিৎ আৰু অৰ্ধ চিৰহৰিৎ অৰণ্য, শাল বন, নদী বন, সেমেকা সমভূমি অৰণ্য, শুকান সমভূমি আৰু শুকান মিশ্ৰিত প্ৰকাৰৰ অৰণ্য। এই বিশাল প্ৰাকৃতিক আৰু জীৱন নিৰন্তৰ পৰিস্থিতিতন্ত্ৰ সমূহৰ প্ৰৱন্ধন নিজেই এটা কঠিন কাৰ্য্য। ব্যক্তিসকলৰ আৱশ্যকতা আৰু আকাংক্ষ্যা সমূহক ধ্যানত ৰাখি ৰাজ্য চৰকাৰে এই বিবিধ পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণৰ কাৰণে সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰে আৰু মনত ৰখা উচিত যে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে ইয়াৰ শ্ৰেয় দিব লাগিব। এই বিভাগৰ সামাজিক বনাঞ্চল শাখাই পৰিবেশ ও পৰিবেশৰ উন্নয়নত গ্ৰাম্য পুঁজিৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়নত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। অধিকাংশ অব্যৱহৃত চৰকাৰী বৰ্জিত ভূমি, ভি জি আৰ এছ আৰু পি জি আৰ এছ ক চিহ্নিত কৰা হৈছে আৰু গ্ৰাম্য জনগণৰ কাৰণে শস্য ও কৃষি সঁজুলি নিৰ্মাণৰ কাৰণে, কাঠ, তক্তা, ফল, জুপুৰী ঘৰ নিৰ্মাণ কাৰ্য্যৰ কৰাণে কাঠ গাঁওৰ মানুহৰ কাৰণে সামাজিক বন সংৰক্ষণৰ আওতালৈ অনা হয়। এই ৰাজ্যৰ সামাজিক বনাঞ্চল শাখাই পাৰম্পৰিক কুটীৰ উদ্যোগক সমৰ্থন কৰিবৰ কাৰণেও সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছে। উদাহৰণ স্বৰূপে, গ্ৰাম্য এলেকাত ``এৰি আৰু মূগা`` ৰেচম উদ্যোগক সমৰ্থন কৰিবলৈ চোম গছ ৰোপণ ব্যাপক ভাৱে গ্ৰহণ কৰিছে। সামাজিক বনাঞ্চল আঁচনিৰ অধীনত গ্ৰহণ কৰা সামগ্ৰীক বৃক্ষ ৰোপণ প্ৰায় ১ লাখ হেক্টৰ। বিস্তৃত বনাঞ্চলৰ অধীনত, মানুহৰ জীৱনৰ গুনগত মানদণ্ড উন্নত কৰিবলৈ পথৰ কাষত উদ্দ্যান আৰু মনোৰঞ্জন কেদ্ৰ নিৰ্মাণ কৰা হৈছে। এতিয়ালৈকে বৰ্তমান ৩২ খন এনেকুৱা মনোৰঞ্জক উদ্দ্যান নিমাৰ্ণ কৰা হৈছে।

    ২০০৭-০৮ বৰ্ষৰ সময়ত সামাজিক বনাঞ্চল শাখাৰ অধীনৰ বিভিন্ন আঁচনিৰ সাফল্য লাভ।

    এছ এফ জি টি এছ পি আৰু এছ চি চি পি আচনিৰ অধীনত ১৮৩.০৪ লাখ টকাৰ কাৰণে ৰাজ্য চৰকাৰৰ পুঁজি সহ ২,২৯,৩৩,০০০ (দুই কোটি উনত্ৰিশ লাখ তেত্ৰিশ হাজাৰ) বীজৰোপণ সহ ৬৭.৪৫ হেক্টৰৰ এটা এলেকা তথা অসমৰ নাৰ্চাৰীত ২১৩৩ হেক্টৰ ২০ লাখ আগৰৰ ক্ষেত্ৰক সামৰি ল`বৰ কাৰণে চোৱাচিতা কৰা হৈছিল আৰু ১০ লাখ মহানিমৰ বীজ ৰোপন কৰা হৈছিল।

    ২৩৬৬.৩৫ লাখ টকাৰ কাৰণে এন এ পি আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পুঁজি সহ অসমত ২৮ টা এফ ডি এৰ অধীনত ৫৫০ টা জে এফ এম চিৰ জৰিয়তে ১৯৬৬৬ হেক্টৰৰ এটা এলেকাত বৃক্ষ ৰোপণ কৰা হৈছিল য`ত কৃত্ৰিম পুনৰুৎপাদন, প্ৰাকৃতিক পুনৰুৎপাদন, বাঁহ ৰোপণ আৰু ঔষধীয় তথা সুগন্ধিজাত বৃক্ষ ৰোপণ জড়িত হৈ আছে।

    উদ্দেশ্য

    ১. স্বল্পম্যাদী উদ্দেশ্য

    1. জলবিভাজনৰ ওপৰত ভিত্তি কৰি অধঃ পতিত বন আৰু সংলগ্ন এলেকা সমূহৰ পুণৰুজ্জীৱন আৰু পৰিস্থিতি বিকাশ।
    2. পুনৰুৎপাদিত এলেকা সমূহৰ পৰা ইন্ধন কাঠ আৰু ঘাঁহ বিলাকৰ উপলব্ধতা বৃদ্ধি।
    3. পুণৰুজ্জীৱিত ভূমিৰ পৰা বন উৎপাদনৰ স্থিৰতা আৰু ন্যায় সংগত বিতৰণ সুনিশ্চিত কৰিবলৈ আৰু অৰণ্যৰ বালিৰ সাধাৰণ সম্পত্তি সংসাধন সমূহৰ প্ৰৱন্ধন আৰু প্ৰশাসনত অংশীদাৰী অৱধাৰণাক উৎসাহিত কৰিবৰ কাৰণে পৰিকল্পনাআৰু পুণৰুজ্জীৱন প্ৰয়াসত মানুহৰ অংশগ্ৰহণক সুৰক্ষিত কৰা।
    4. কৃষি-বনাঞ্চল আৰু সাধাৰণ সম্পত্তি সংসাধন সমূহৰ উন্নয়নক উৎসাহিত কৰা।
    5. কাঠ ইন্ধনৰ কুশল ব্যৱহাৰক প্ৰোৎসাহিত কৰিবলৈ আৰু পৰিবেশ উন্নয়নৰ কাৰণে ৩ ডাল খৰি সংগ্ৰহত জড়িত গাঁৱলীয়া মহিলা সকলৰ কঠোৰ পৰিশ্ৰমক কম কৰিবৰ কাৰণে ইন্ধন ৰাহি কৰা উপকৰণ সমূহৰ প্ৰচাৰ।
    6. কাঠৰ বাহিৰৰ বন উৎপাদন সমূহ যেনে বাঁহ, বেত আৰু ঔষধীয় উদ্ভিদ সমূহৰ সংৰক্ষণ আৰু উন্নয়ন।
    7. পুণৰুজ্জীৱিত এলেকা সমূহৰ পৰা মম, মৌ, ফল-মূল আৰু বাদাম চুফাৰী আদিৰ নিচিনা অ-কাঠীয় উৎপাদক সমূহৰ উৎপাদনক প্ৰোৎসাহিত কৰা।
    8. ঘূৰ্ণী বতাহৰ প্ৰতিকূল প্ৰভাৱক পৰিবৰ্তণ কৰিবলৈ উপকূলীয় অশ্ৰয় স্থল সমূহক বৃদ্ধি কৰা।
    9. বৃক্ষ ৰোপণ আৰু জল কৃষিক কাৰ্য্যকৰ্তাৰ জৰিয়তে জল সম্পদ সমূহ উন্নয়ন কৰা।
    10. ক্ল`নেল প্ৰচাৰ আৰু বীজৰোপণ, মাইক`ৰাইজল ইনকুলেশ্বন ইত্যাদিৰ কাৰণে মূল প্ৰশিক্ষকৰ ব্যৱহাৰৰ নিচিনা উন্নত প্ৰযুক্তি বিদ্যাৰ উন্নয়ন আৰু বিস্তাৰ।
    11. বিশেষ সমস্যা জৰ্জৰিত ভূমি সমূহ যেনে অম্ল ক্ষাৰ যুক্ত মাটি, খাদ, মৰু অঞ্চল, উপকূলীয় অঞ্চল, খনিজ অঞ্চল, হিমালয়, আৰাৱলী আৰু পশ্চিম ঘাট আদিৰ পুনৰ্বাস।
    12. সমাজৰ বঞ্চিত শ্ৰেণী সমূহ বিশেষকৈ মহিলা, অনুসূচিত জাতি/অনুসূচিত জনজাতি আৰু ভূমিহীন গাঁৱলীয়া শ্ৰমিক সমূহ, বন আৰু সংলগ্ন এলেকা সমূহৰ বাসিন্দা সকলৰ কাৰণে কৰ্মসংস্থাপনৰ সৃষ্টি।

    ২. দীৰ্ঘম্যাদী উদ্দেশ্য

    1. মানুহৰ সক্ৰিয় অংশগ্ৰহণৰ মাধ্যমেৰে প্ৰকৃতিক সম্পদক সুৰক্ষা প্ৰদান কৰা।
    2. ভূমি পতন, অবনানিকৰণ আৰু জৈৱবৈচিত্ৰতাৰ লোকচানক পৰীক্ষা কৰা।
    3. পৰিস্থিতিতান্ত্ৰিক পুনৰ্স্থাপন পৰিবেশ সংৰক্ষণ আৰু পৰ্য্যবৰণ উন্নয়ন।
    4. গাঁও পৰ্য্যয়ৰ ব্যক্তি সংগঠনক অভিব্যক্ত কৰা যিয়ে স্থায়ী ৰূপত গাওঁৰ ভিতৰত আৰু চাৰিওকাষৰ প্ৰাকৃতিক সম্পদ সমূহৰ প্ৰৱন্ধন কৰিব পাৰে।
    5. মানুহৰ সাধাৰণ কল্যাণৰ কাৰণে সমান উৎপাদকতা আৰু স্থিৰতাৰ ব্যপক উদ্দেশ্য পূৰণ কৰা।
    6. বল এলেকাৰ ভিতৰৰ আৰু চাৰিওফালে বাষ কৰা মানুহৰ জীৱনৰ গুণগত মানদণ্ড আৰু আত্মনিৰ্ভৰশীল হোৱা আকাংক্ষাক উন্নত কৰা।
    7. গাঁৱলীয়া মানুহৰ কৰ্মসংস্থাপন যোগ্যতাক উন্নত কৰিবৰ কাৰণে প্ৰতিভা বিকাশ আৰু দক্ষতা প্ৰসাৰ কৰা।

    ৩. জে এফ এম চিৰ লাভাংশৰ সমবিতৰণ

    জে এফ এম চিৰ বিদ্যমান নিয়ম অনুযায়ী, প্ৰাৰম্ভিক লাভৰ ৫০% জে এফ এম চিৰ সুবিধাৰ্থী সকললৈ যাব আৰু ৫০ %ৰ অন্তিম শস্য কটাৰ পৰা জমা কৰা শেষ লাভক জে এফ এম চিৰ অধীনত সুবিধাৰ্থী সকলৰ লগত সমবিতৰণ কৰা হ`ব।

    জনজাতি সম্পৰ্কীয় মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ পৰা ৫৫১০.৪২ লাখ টকাৰ কাৰণে প্ৰাপ্ত পুঁজি সহ লাভ কৰা এফ ডি এ সমূহৰ দ্বাৰা অসমৰ ৪৭৫ খন জনজাতিয় গাঁওৰ উন্নয়ন আৰু বিকাশ সাধন কৰা হৈছিল।

    নতুন আৰু পুনৰ্নৱীকৰণীয় শক্তি মন্ত্ৰণালয়, ভাৰত চৰকাৰে, ১৭১.৬৬ লাখ টকাৰ ধনৰাশি সহ নিম্নলিখিত কাৰ্য্যকলাপ সমূহ লাভ কৰিছিল।

    1. ইন্ধন কাঠ বৃক্ষৰোপণ -৮০ হেঃ
    2. জাত্ৰ`ফা বৃক্ষৰোপণ -৪০ হেঃ
    3. উন্নত চৌকা বিতৰণ -৬৬৮ সংখ্যক
    4. জৈৱ-গেছ আঁচনি স্থাপন- ৪৩ সংখ্যক

    গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ৰ জৈৱ ইন্ধনৰ ওপৰত ৰাষ্ট্ৰীয় অভিযানৰ অধীনত। ভাৰত চৰকাৰৰ দ্বাৰা অসমত ১৭টা এফ ডি এৰ জৰিয়তে ৫০ লাখ জাত্ৰ`ফা বীজ ৰোপণ নাৰ্চাৰীৰ বৃদ্ধিৰ কাৰণে অনুমোদিত ১৫ কোটি টকা লাভ কৰা হৈছে।

    ৰাজ্যিক মূখ্য কাৰ্য্যলয়ত ১০.০০.০০০ লাখ টকাৰ ধন ৰাশি আৰু ৪০৫ হেক্টৰ এলেকা সহ এক উচ্চ প্ৰযুক্তিগত নাৰ্চাৰী প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰত চৰকাৰৰ পৰিবেশ ও বন মন্ত্ৰণালয়ৰ ``সেউজ ভাৰত আঁচনি``ৰ অধীনত ৩৩.১৪ লাখ টাক সহ ৯ (ন)টা এন জি ওৰ জৰিয়তে বৃক্ষ ৰোপণ কৰা হৈছিল।

    প্ৰস্তাৱিত আঁচনি

    1. ঔষধীয় আৰু সুগন্ধি উদ্ভিদ উদ্যান আঁচনিৰ অধীনত অসম চৰকাৰে অসমৰ ৬ খন জিলাত এই আঁচনি গ্ৰহণ কৰিবৰ কাৰণে এক কোটি টকাৰ অনুমোদন জনাইছে য`ত অসমৰ ২৫ হেক্টৰ + এলেকা জড়িত হৈ আছে।
    2. ঔষধীয় উদ্ভিদৰ খেতি আৰু কাজুৰ খেতি আঁচনি।তিনি বছৰ সময়ৰ কাৰণে ৩৯৮,৯৭,০০০ টকাৰ মুঠ মূল্যত ১৪৩০ হেক্টৰ এলেকাৰ কাৰণে ঔষধীয় উদ্ভিদৰ খেতিৰ কাৰণে এই আঁচনিৰ প্ৰস্তাৱ লোৱা হৈছিল। এই ধৰণে ৩৫০ হেক্টৰ এলেকাৰ কাৰণে কাজু খেতিৰ কাৰণে আঁচনিৰ প্ৰস্তাৱ লোৱা হৈছিল। ১০ বছৰ সময়ৰ কাৰণে মুঠ মূল্যৰ পৰিমাণ ৪৪৭,৯৭,৭০০০ টকা। এই আঁচনি সঞ্চালক উদ্যান বিভাগ গুৱাহাটীক দাখিল কৰা হৈছে। এই আঁচনি অসমত জে এফ এম চিৰ জৰিয়তে ৰূপায়ণ কৰা হ`ব। উদ্যান বিভাগৰ সঞ্চালকে জিলা কৃষি বিষয়া সকলক নিৰ্দেশনা জাৰি কৰিছে।

    3. জৈৱ-গেছ আঁচনিপ্ৰতি প্লাণ্টৰ ১৩,০০,০০০ টকাৰ হাৰত অপাৰম্পৰিক শক্তি উৎস মন্ত্ৰণালয়ৰ দ্বাৰা অনুমোদন কৰিব লগীয়া পুঁজিৰ জৰিয়তে ৫৫০ টা জে এফ এম চিত জৈৱগেছ স্থাপনৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। প্ৰতি প্লাণ্টৰ ৯,০০,০০০ টকা হাৰত সুবিধাৰ্থী সকলৰ কাৰণে অৰ্থিক সহায়তাৰ হাৰ স্থিৰ কৰা হ`ব।

    4. মৌ মাখি ৰাজ্যৰ মাধ্যমেৰে মৌ মাখি প্লাণ্টৰ স্থাপনা ৫৫০ জে এফ এম চিৰ জৰিয়তে প্ৰতি প্লাণ্টৰ ১৬,০০,০০০ টকা হাৰত ৰূপায়ন কৰা হ`ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। প্ৰতি প্লাণ্টৰ ৮,০০,০০০ টকা হাৰত সুবিধাৰ্থী সকলৰ কাৰণে অৰ্থিক সহায়তাৰ হাৰ স্থিৰ কৰা হ`ব। এই আঁচনি ৰূপায়নৰ কাৰণে আৱশ্যকীয় পুঁজিৰ অনুমোদনৰ কাৰণে সঞ্চালক উদ্যান বিভাগ অসমৰ সৈতে বিষয় টো গ্ৰহণ কৰা হৈছে।

    5. এল পি জি ৫৫০ টা জে এম এফ চিত গেছ চৌকা সহ এল পি জি সংযোগৰ বিতৰণৰ কাৰণে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে প্ৰৱন্ধক (বিপণন) আই ও চি গুৱাহাটীৰ সৈতে বিষয় টো গ্ৰহণ কৰা হৈছে।

    সজাগতা কাৰ্য্যক্ৰম

    ১. অসম ৰাজ্যই ২০০৭-০৮ বছৰত ৮১,৫০,০০০ বীজ বিতৰণ কৰে আৰু বীজ বিতৰণ কাৰ্য্যসূচীৰ মাধ্যমেৰে সজাগতা কাৰ্য্যক্ৰম গ্ৰহণ কৰে।

    ২. বিদ্যালয়ৰ শিশুৰ কাৰণে বৈশিষ্ঠ বন অন্তঃক্ষেত্ৰত কিছুমান মহত্বপূৰ্ণ দিশ আছে যিয়ে তেওঁলোকক বনানিকৰণ আৰু বন্যপ্ৰাণীৰ প্ৰতি ক্ৰমে আগ্ৰহী কৰি তুলিব পাৰে।

    ১. উচ্চ প্ৰযুক্তিগত নাৰ্চাৰী, বাঁহ নাৰ্চাৰী, সাধাৰণ নাৰ্চাৰী, অৰ্কিড গৃহ, প্ৰকৃতিক উদ্ভিদ ইত্যাদি।

    ২. বনস্পতি উদ্যান।

    ৩. গেছিফায়াৰ প্লাণ্ট।

    ৪. নল গাহৰি।