মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Principal Chief Conservator of Forest & Head of Forest Force

ৰাষ্ট্ৰীয় জৈৱ গেছ আৰু সাৰ প্ৰৱন্ধন কাৰ্য্যসূচী

জৈৱ গেছ কি

জৈৱ গেছ হৈছে এটা পৰিস্কাৰ, অ-প্ৰদূষণকাৰী আৰু কম খৰচি উন্ধন। এই গেছ অত্যধিক জ্বলনশীল আৰু ইন্ধনৰ ৰূপত বহুত উপযোগী। ইয়াৰ গঠন হল মিথেন ৫৫%, কাৰ্বন ডাই- অক্সাইড ৩৫%, হাইড্ৰোজেন ৭.৪%, নাইট্ৰোজেন ২.৬% আৰু নগন্য পৰিমাণে পানী। ইয়াৰ কেলৰিফিক মান হ`ল ২১.৫ কিঃগ্ৰাঃ/লিঃ।

জৈৱ গেছ প্লাণ্ট কি

এইটো এটা প্ৰনালী য`ত এটা গেছিয় উৎপাদৰ উৎপাদন কৰে যাক ঘৰুৱা উদ্দেশ্যত ব্যৱহাৰ কৰা হয়, ইয়াক জৈৱিক সামগ্ৰী সমূহৰ অবাত (বায়ুৰ অনুপস্থিতিত)কিণ্বনৰ দ্বাৰা লাভ কৰিব পাৰি।

উদ্দেশ্য
  • প্ৰধানত ৰন্ধন কাৰ্য্যৰ কাৰণে পৰিষ্কাৰ জৈৱ-গেছীয় ইন্ধন প্ৰদান কৰা আৰু অন্য ব্যৱহাৰৰ কাৰণেও এল পি জি আৰু অন্য প্ৰচলিত ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা।
  • `ইণ্টিগ্ৰেটেড এনাৰ্জি পলিচি`ত উল্লেখিত হিছাবে ৰন্ধন কাৰ্য্যৰ কাৰণে `লাইফ লাইন এনাৰ্জি`ক পূৰণ কৰাৰ আৱশ্যকতা আছে।
  • ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ কাৰণে জৈৱ সাৰ/গোবৰ সাৰ প্ৰদান কৰা
  • গাঁৱলীয়া মহিলা সকলৰ কঠোৰ পৰিশ্ৰম হ্ৰাস কৰা, বনৰ ওপৰত হেঁচা হ্ৰাস কৰা আৰু সামাজিক লাভাংশ সমূহ বূদ্ধি কৰা।
  • জৈৱ গেছ প্লাণ্ট সমূহৰ লগত স্বাস্থ্যকৰ শৌচালয়ৰ সংযোজনৰ দ্বাৰা গাঁৱত স্বচ্ছতা বৃদ্ধি কৰা।
  • কলা কাৰ্বন আৰু মিথেন নিৰ্গমন প্ৰতিৰোধৰ দ্বাৰা জলবায়ু পৰিবৰ্তনক হ্ৰাস কৰা।
জৈৱ গেছৰ ব্যৱহাৰ সমূহ

ৰন্ধন, পোহৰ আৰু জেনেৰেটৰ চলোৱা।

ব্যৱহৃত মডেল সমূহ

জৈৱ গেছ প্লাণ্টৰ পাৰিবাৰিক প্ৰকাৰ (৩টা সৈতে) দিনবন্ধু মডেল।

দিনবন্ধু জৈৱ গেছ প্লাণ্টৰ প্ৰধান বৈশিষ্ট হ`ল ইটাৰ তৰপেৰে নিৰ্মিত স্থায়ী ভূগৰ্ভস্থ ডাইজেষ্টাৰ কক্ষ আৰু ওপৰৰ ছাদখন চিমেণ্ট মৰ্টাৰৰ অতিৰিক্ত তৰপেৰে নিৰ্মিত। ভূগৰ্ভস্থ কক্ষৰ লগত জড়িত টেংকৰ এটা প্ৰৱেশদ্বাৰ আছে যাৰ মাধ্যমেৰে গোবৰ সমূহ প্লাণ্টত প্ৰয়োগ কৰা হয়। গোবৰৰ পৰা উৎপন্ন মিথেন গেছ যি ডাইজেষ্টাৰ টেংকৰ ওপৰত থকা গেছ নলীৰে বাহিৰ কৰা হয়। গাঢ় পদাৰ্থ খিনি অউটলেট টেংকৰ মাধ্যমেৰে প্লাণ্টৰ পৰা বাহিৰ কৰি দিয়া হয় যাক খেতি পথাৰত সাৰ হিছাবে ব্যৱহাৰ কৰিব পাৰি।

জৈৱ গেছ ব্যৱহাৰৰ উপকাৰিতা
  • কাঠ খৰিৰ প্ৰয়োজনীয়তা নোহোৱা। গছ সমূহ সুৰক্ষিত কৰিব পাৰি।
  • পাকঘৰত ধোঁৱা নাথাকিব, যাৰ ফলত মহিলা আৰু শিশু সকলৰ স্বাস্থ্য সুৰক্ষিত কৰিব পৰা যাব।
  • এক স্থায়ী কৃষিৰ কাৰণে জৈৱ গোবৰ সাৰ উৎপন্ন কৰে।
  • জৈৱ গেছ এটা ভাল বিকল্প শক্তি। ই হ্ৰাস হৈ অহা জৈৱাস্ম ইন্ধনক ৰাহি কৰে।