অসম শব্দটো মূল সংস্কৃত শব্দ অসম অৰ্থাৎ অ-সমান বা সমপৰ্য্যায়ৰ নহয়। পৌৰাণিক তথ্য মতে এই ভূখণ্ডক প্ৰাগজ্যোতিষপুৰ বা পূৰ্ব পোহৰৰ নগৰ, এইখন ঠাইক আহোম শাসনকৰ্তাই ব্যাখ্যা কৰিছিল ``নাং দান চুনখাম`` নতুবা ``সোণালী বাগিচাৰ দেশ`` প্ৰাকৃতিক সৌন্দৰ্যৰ বিৰল দৃশ্য কোনো ঠাইত নোপোৱা।
অসম ৰাজ্যখন পাহাৰ-পৰ্বতেৰে যোগ চিনৰ দৰে আৰ্হিৰ উপত্যকা আৰু দুবোধ্য নদী ব্যৱস্থা, ভাৰতৰ পূৰ্ৱ দিশত ২৪°.০৭দক্ষিনৰ ৰ পৰা ২৮°.০০`দক্ষিন অক্ষাংশলৈ অৱস্থিত আৰু ৮৯°.৪২ পূৰ্ৱৰ পৰা ০২° পূৰ্ব দ্ৰাঘিমাংশলৈ অৱস্থিত আৰু ভৌগলিক ভাৱে ৭৮,৪৩৮ বৰ্গ কিঃমিঃ এলেকা জুৰি থকা ভূখণ্ড দেশৰ মুঠ ভূ-ভাগৰ ২.৩৯% মাটি এই অসম ৰাজ্যৰ ভিতৰুৱা। বিখ্যাত পণ্ডিত হেম বৰুৱাই তেওঁৰ কিতাপ ৰঙা নদী আৰু নীলা পাহাৰ লিখিছে বহিৰাগতৰ কাৰণে অসমখন আন বহু একো নহয় পৰ্বতভূমি আৰু মেলেৰীয়াৰ ঠীই, ভূমিকম্প আৰু বানপানীৰ দেশ আৰু কামাখ্যা মন্দিৰ থকা ৰাজ্য। আন বহুতৰ কাৰণে সেউজীয়া আৰু চৌৰ্য নাহৰফুটুকীয়ে ভূমুকী মাৰি থাকে আৰু মাৰাত্ম সন্ধানী দৃষ্টিৰে আৰু চোকা নখেৰে। বহুলোকৰ বাবে অসমখন মানসিকভাৱে দূৰ দিগন্তৰ যেনে বলিভিয়া বা পেৰুৰ লোকৰ দৰে কম জনা-শুনা আৰু বেছি কল্পনা প্ৰিয়।
ৰাজ্যখন ইয়াৰ চাহপাতৰ কাৰণে বিখ্যাত। এক শিঙিয়া গঁড়ৰ বাবেও অসম বিখ্যাত। ভূ-ভাগ বা ভূমি গাঁথনি হিচাপে এই ৰাজ্যক তিনিভাগত ভগাব পাৰি-ব্ৰহ্মপুত্ৰ উপত্যকা, সুৰমা উপত্যকা আৰু পৰ্বতীয়া অসম ৰেঞ্জ। ৰাজ্যৰ জলবায়ু উপ-ক্ৰান্তিয়, উত্তাপ ৫°চি ৰ পাৰ ৩২° চি লৈ আৰু বছৰেকীয়া বৰষুণৰ পৰিমান ১,৫০০ মিঃমিঃৰ পৰা ৭৫০ মিঃমিঃলৈ।
এই ৰাজ্যৰ জনসংখ্যা ৩১.১৭ নিযুত (জৰীপ ২০১১)। গাওঁ আৰু চহৰৰ জনসংখ্যা হিচাপ কৰা হৈছে ক্ৰমে ৮৫.৯২% আৰু ১৪.০৮%। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৭। ৰাজ্যৰ পশুধন ১৭.২৩ নিযুত (পশুধন জৰীপ ২০০৭)
বিভাগীয় নথিভূক্ত বন এলেকা অসমত আছে ২৬.৮৩২ বৰ্গ কিঃমিঃ, ভৌগোলিক এলেকা ৩৪.২১%। তেওঁলোকৰ বৈধ অৱস্থিতি অনুসৰি সংৰক্ষীত বনাঞ্চল গঠিত হয় ৬৬.৫৮% আৰু শ্ৰেণীহীন বনাঞ্চল ৩৩.৪২% মুঠ বনাঞ্চলৰ ভিতৰত
অসমৰ সংৰক্ষীত এলাকাৰ নেটৱৰ্ক ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৮ খন বন্যপ্ৰাণী আভয়াৰণ্যই আবৰি আছে মুঠ এলেকা ০.৪০ নিযুত হেক্টৰ ভৌগোলিক এলেকাৰ মুঠ গাঁথনি ৪.৯৮%। ৰাজ্যৰ আছে তিনিখন ব্যঘ্ৰ সংৰক্ষীত উদ্যান যেনে- কাজিৰঙা, মানস আৰু নামেৰি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস বন্যপ্ৰাণী অভয়াৰণ্য বিশ্বৰ তালিকাত অন্তৰ্ভূক্ত হৈছে।
অৰণ্যৰ ধৰণ চিত্ৰিত বা মানচিত্ৰ তৈয়াৰ কৰিবলৈ উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰা হৈছে ভাৰত চৰকাৰৰ বননী জৰীপ ক্ষেত্ৰত চেম্পয়ন আৰু চেঠৰ প্ৰসংগৰে। এই মূল্যাংকনেৰে ৰাজ্যৰ ১৮ বিধ বনৰ ধৰণ আছে পাঁচ ধৰণৰ গ্ৰুপৰ অন্তৰ্ভক্তিৰে যেনে- ক্ৰান্তিয় সমেকা চিৰসেউজীয়া, ক্ৰান্তিয় আৰ্ধ চিৰসেউজীয়া, ক্ৰান্তিয় সেমেকা পাত সৰা, ক্ৰান্তিয় শুকান পৰ্ণপাতী আৰু উপ-ক্ৰান্তিয় পাইন ফৰেষ্ট।
গছেৰে আবৰা ৰাজ্যৰ আনুমানিক এলাকা ১,৫৬৪ বৰ্গ কিঃমিঃ যিটো ৰাজ্যৰ ভৌগলিক এলেকাৰ ৯৯%। হাবি-বনেৰে আবৰা ৰাজ্যৰ ঠাই হ`ল ২৭.৬৭৩ বৰ্গ কিঃমিঃ যিখিনি ৰাজ্যৰ ভৌগোলিক এলেকাৰ ৩৫.২৮%। সেইদৰে হাবি-বন আৰু গছে ৰাজ্যৰ মুঠ মাটিকালি ২৯.২৩৭ বৰ্গ কিঃমিঃ আৰ্থাৎ ভৌগোলিক এলাকাৰ ৩৭.২৭% আগুৰি আছে। উৎস : ভাৰতীয় ৰাজ্যৰ ফৰেষ্ট প্ৰতিবেদন, ভাৰতৰ বন জৰীপ।
অসমখন গছ-বন, জীৱ-জন্তুৰে বিস্তৃতভাৱে অপিৰ্ত ৰাজ্য। এইখন এখন উৎকৃষ্ট লক্ষ্যস্থান য`ত পৰ্যটকসকলে বিভিন্ন প্ৰজাতিৰ বিচিত্ৰ জীৱ-জন্তু মুখা-মুখাকৈ চাব পাৰে। অসম ৰাজ্যখন এক শিঙীয়া গঁড়ৰ বাবে বিশ্বব্যাপি বিখ্যাৎ যিবোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গোট খাই আছে। আন গুৰুত্বপূৰ্ণ জীৱ প্ৰজাতিবোৰ হ`ল হ`লক গিবন, গাঁথলু নেজৰ বান্দৰ, টুপিযুক্ত আৰু সোণালী বান্দৰ, ক্ষুদ্ৰ গাহৰি, ধোৱাবৰণৰ নাহৰ ফুটুকী, সোণালী মেকুৰী, বগা পাখিৰ বন হাঁহ। অসমৰ সকলো হাবিতে হাতী দেখা যায়। গছ-বন আৰু বন্য জীৱৰ টুকুৰিটো গঠিত হয়:
জৈৱবৈচিত্ৰ বিশেষ | প্ৰজাতিৰ অনুমানিক সংখ্যা |
ফুলৰ গছ | ৩০১৭ |
বনৰীয়া কপৌ | ১৯৩+ |
বাঁহ | ৪২ |
বেট | ১৪ |
স্তন্যপায়ী | ১৬৪+ |
বনমানুহ | ১০ |
চৰাই | ৮০০+ (২৮০ বিধ পৰিভ্ৰমি) |
উভয়চৰ | ৬০+ |
পখিলা | ১৫০০ প্ৰায় |
সৰিসৃপ | ১১৬ প্ৰায় |
উৎস : অসমৰ অৰণ্যত অক দৃষ্টিপাত : বন বিভাগ, অসম-২০১১-১২
অৰণ্য বিভিন্ন ধৰণৰ ব্যৱসায়িক আৰু ঘৰুৱা ব্যৱহাৰ্য্য দুয়োবিধ উৎপন্ন বস্তু যোগান ধৰি আহিছে, তাত অন্তৰ্ভূক্ত কৰিব পাৰি উদ্যোগিক কাঠ, ইন্ধন, বাঁহ, খেৰ, আৰু খেৰ-ঘাঁহৰ উৎপাদিত আহিলা, বেট, পাৰম্পৰিক ঔষধ, ফল, বাকলি, আঠা, ৰেছম, আঁহ আৰু পছমী সূতা ইত্যাদি। এই বঢ়িয়া পৰিধান সামগ্ৰী যি গছ-গছনি আৰু জীৱ-জন্তুৰ পৰা লাভ কৰা হয়, সিযিকি নহওক, এতিয়া এই বিলাকে জৈৱিক আৰু বাহ্যিক হেচাৰ ঘটনাই আৱয়কি আৰু পৰিৱেশিক সংহতিত বেয়া প্ৰভাৱ পেলাইছে, বিপদৰ ঘণ্টাধ্বনী বাজি উঠিছে ৰাজ্যৰ জৈৱ-বৈচিত্ৰৰ ওপৰত, বন্যপ্ৰাণী আৰু সামগ্ৰীকভাৱে পৰিৱেশৰ ওপৰত। প্ৰাকৃতিক সম্পদৰ ফলদায়ক সংৰক্ষণ আৰু ব্যৱস্থাপনাৰে মানুহৰ কল্যাণ নিশ্চিত কৰিবলৈ অসম চৰকাৰে (জি ও এ) এজেঞ্চ ফ্ৰঞ্চাইজি ডি উন্নয়ন প্ৰকল্প (প্ৰকল্প(প্ৰকল্প উন্নয়ণ অভিকৰণ-এ এফ ডি), ৰ সহযোগত অৰণ্য আৰু জৈৱবৈচিত্ৰ সংৰক্ষণৰ ওপৰত অসম প্ৰকল্প (এ পি এফ বি চি)কাৰ্য্যকৰীৰ কাম চলি আছে। প্ৰকল্পৰ লক্ষ্য হ`ল বনৰ পৰিৱেশ পুনঃ প্ৰতিষ্ঠা কৰা, হাবি বন নিৰ্ভৰশীল সম্প্ৰদায় সমূহৰ সহযোগত তেওঁলোকৰ জীৱিকা বৃদ্ধি কৰা, জৈৱবৈচিত্ৰক স্থায়ী ব্যৱহাৰ কৰি স্থায়ীত্ব আৰু সংৰক্ষণ নিশ্চিত কৰা। এইটো লাভ কৰিবলৈ, প্ৰকল্প টো সংগঠিত কৰা হয় চাৰিটা প্ৰধান কৌশলী উপাদানেৰে আৰু তাৰে এটা উপাদান হ`ল প্ৰকল্প পৰিচালনা।