মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবেশ আৰু বন Principal Chief Conservator of Forest & Head of Forest Force

ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আকৰ্ষণ: প্ৰতি ৰাতিপুৱাই হাতী ছাফাৰি কৰি অতি ওচৰৰ পৰা গঁড়, জলাহত থকা হৰিণ ইত্যাদি লক্ষ্য কৰিব পাৰি, জিপ ছাফাৰি কৰি বিভিন্ন বনৰীয়া জীৱ-জন্তু লক্ষ্য কৰা হয়, হাজাৰ হাজাৰ থলুৱা আৰু পৰিভ্ৰমি চৰাই জলাহবোৰত গোট খাইহি আৰু লক্ষ্য কৰা যায় কাৰ্বী পাহাৰৰ সুন্দৰ মনোমোহা দৃশ্য।>

বিশেষত্ব: ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ অখণ্ডিত ভূমিখণ্ড যিবোৰ বানপানী উঠা ঘাঁহনী, জটিল পৰিৱেশ ব্যৱস্থাৰ ঘাঁহনী, য`ত ঘাঁহৰ পৰিস্থিতি তন্ত্ৰৰ মাধ্যমেৰে জৈৱিক উত্তৰাধিকাৰিৰ বিভিন্ন পৰ্য্যয় স্পষ্ট ৰূপত পৰিলক্ষিত হয়।

আপুনি কি চাব বিচাৰে

স্তন্যপায়ী: এই উদ্যানখন পৃথিৱীৰ ৭০% তকেও বেছি গঁড়ৰ আবাস ভূমি। দেশত পোৱা বাঘৰ আটাইততকৈ ঘন বসতিপূৰ্ণ ঠাই হোৱা হেতুকে জীৱ বিলাক বাঘৰ চিকাৰ হয়। ভাৰতৰ ৬০% ম`হৰ আশ্ৰয় স্থল হোৱাৰ লগতে পূৰ্বদেশৰ জলাহত থকা হৰিণ ইয়াতে মাত্ৰ পোৱা হয় আৰু সাতবিধ কাছ আৰু দূৰা কাছ পোৱা হয়। আন গুৰুত্বপূৰ্ণ বন্য জন্তুবোৰৰ ভিতৰত – নাহৰফুটুকী, হেপা, মাছ খোৱা মেকুৰী, ডাঙৰ ভাৰতীয় জহামাল, সৰু ভাৰতীয় জহামাল, নীলগাই, হৰিণ, গাহৰি, নল গাহৰি, গৌৰ, গিবন, হলৌ বান্দৰ, অসমীয়া ভাটৌ, সৰু বান্দৰ, স্লথ ভালুক, গঙ্গীয় দলফিন আৰু উদ ইত্যাদি।

জৰীপত পোৱা মতে ২০০৬ চনত এশিঙীয়া গঁড়ৰ সংখ্যা আছিল ১৮৫৫টা, দল হৰিণ ৪৬৮টা(২০০০), বনৰীয়া ম`হ ১৪৩১ (২০০১) বাঘ ৮৫(২০০০), হাতী-১২৪৬টা (২০০৫)।

চৰাই: ২৫ বিধ গোলকীয় ভাবুকিৰ সন্মুখীন হোৱা আৰু ২১ বিধ ভাবুকিৰ ওচৰ পাবলগীয়া চৰাইৰ ঘৰ এই উদ্যান খন। ৪৮০ বিধ প্ৰজাতিৰ চৰাইৰ চিনাক্ত কৰা আৰু তথ্যভূক্ত কাৰ হৈছে। চিলনী, বেংগল ফ্লৰিকেন, হৰ্ণবিল, শেন ইত্যাদি বিলুপ্তিৰ গৰাহত পৰা চৰাইৰ প্ৰজাতি পেলিকান আৰু বিভিন্ন পানী হাঁহ দেশীয় আৰু পৰিভ্ৰমি ইত্যাদি।

জলচৰ জীৱ আৰু গছ-বন: বাৰমাহে পানীৰে বুৰগৈ থকা জলাশয়া এই উদ্যানত ১৫০ টাৰো বেছি আছে, য`ত পানীৰ উচ্চতা অস্থায়ীভৱে বৃদ্ধি পায় ফলস্বৰূপে উৎপত্তি হয় বিচিত্ৰ জলজ গছ বন। ৩২ বিধৰো বেছি প্ৰজাতি চিনাক্ত কৰা হৈছে। ৬০ বিধৰো বেছি মাছ তথ্যভূক্ত কৰা হৈছে আৰু এই জলাশয়বোৰ মাছবোৰৰ কনী পৰাৰ বাবে উৎকৃষ্ট ঠাই।

কেনেদৰে যাব পাৰি: ৰৰৈয়া (যোৰহাট)হৈছে আটাইতকৈ ওচৰৰ বিমান কোঠ প্ৰায় ৯৭ কিলোমিটাৰ দূৰ আৰু এল জি বি আই বিমানকোঠ গুৱাহাটী। ওচৰৰ চহৰ-নগৰৰ পৰা কহৰালৈ দুৰত্ব হয় যোৰহাটৰ পৰা ৮৯ কা:মি:, নগাওঁৰ পৰা ৯৬ কি: মি: আৰু গুৱাহাটীৰ পৰা ২১৯কি: মি:, গোলাঘাটৰ পৰা ৭৩ কি: মি:আৰু গোকাখাটৰ পৰা মাত্ৰ ২১ কি: মি:।

ক`ত থাকিব

পৰ্ষটকৰ বাবে লজ আৰু ৰিজৰ্ট: অসম পৰ্যটন বিভাগৰ অধীনত কহৰাত, বনানী লজ, বনশ্ৰী লজ আৰু কুঞ্জবন লজ, দূৰভাষ- (০৩৭৭৬)২৬২৪২৩ আৰু অসম পৰ্টন বিভাগ নিগমৰ অধীনত অৰণ্য লজ আৰু প্ৰশান্তি কটেজ, দূৰভাষ- (০৩৭৭৬) ২৬২৪২৯।

ব্যক্তিগত লজ:কহৰাৰ ওচৰত `ওয়াইল্ড গ্ৰাছ ৰিজৰ্ট, দূৰভাষ- (০৩৭৭৬)২৬২০৮৫, জি. এল. ৰিজৰ্ট, বুৰাপাহাৰ, দূৰভাষ- (০৩৭৭৬)২৯৯৮২৩, ডলফিন লজ, বোকাখাট, ৰিজৰ্ট, দূৰভাষ-৯৪৩৫০৯৫৯৯১, কাজিৰঙা লজ, বোকাখাট, দূৰভাষ- (০৩৭৭৬)২৬৮৩২১, ধনশীৰি লজ, কহৰা, দূৰভাষ- (০৩৭৭৬)২৬২৫০১, গ্ৰীন ৰিড, কহৰা, দূৰভাষ- (০৩৭৭৬)২৬২৪১৭, মা কমলা ৰিজৰ্ট, কহৰা, দূৰভাষ- (০৩৭৭৬)২৬২৪৩৭, বন্যজন্তু সমিতি, কহৰা, দূৰভাষ- (০৩৭৭৬)২৬২৪৯৪, হলিদে হোম, কহৰা, বন হাবি, কহৰা, দূৰভাষ- (০৩৭৭৬)২৬২৬৭৫, ঐশ্বৰ্য্য, কহৰা, দূৰভাষ-(০৩৭৭৬)২৬২১৬৩।

দৰ্শনৰ কাৰণে কাৰ লগত যোগাযোগ কৰিব

সহায়ৰ কাৰণে: বনৰক্ষী বিষয়া, কাজিৰঙা সংমণ্ডল, কহৰা, দূৰভাষ-(০৩৭৭৬)২৬২৪২৮, বনৰক্ষী বিষয়া , পশ্চিম ভাগ, বাগৰি, দূৰভাষ-(০৩৭৬২)২৮৩৪৬৩, বন বিষয়া, পূৱ খণ্ড, অগৰাতলি, দূৰভাষ-(০৩৭৭৬)২৬৮০৩২, বনৰক্ষী বিষয়া, বুঢ়াপাহাৰ খণ্ড, ঘোঁৰাকাটি, দূৰভাষ-(০৩৬৭২) ২৭৯০১২।

তথ্যৰ কাৰণে: সঞ্চালক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডাক-বোকাখাট, জিলা-গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০৯৫ (ও), ২৬৮০৮৬ (বা) ফেক্স-২৬৮০৯৫, ইমেইল- unicornis@sancharnet.in, মহকুমা বন বিষয়া, পূৱ অসম বন্যজন্তু বিভাগ, ডাক-ৰোকাখাট, জিলা গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০০৭ (ও) ২৬৮০৪১ (বা), এ চি এফ আৰু ডব্লিউ এল আৰ ও পূৱ অসম বন্য জন্তু বিভাগ, ডাক, বোকাখাট জিলা গোলাঘাট, দূৰভাষ-(০৩৭৭৬)২৬৮০০৭, ৱেবচাইট: http://kaziranga.assam.gov.in/wp/

দৰ্শনৰ কাৰণে উপযুক্ত ঋতু: নবেম্বৰৰ পৰা এপ্ৰিললৈ

 

মানস ৰাষ্ট্ৰীয় উদ্যান

পশ্চিম অসমৰ হিমালয়ৰ নামনিত ভৱাৰ এলেকাত মানস অভায়ৰণ্যখন অৱস্থিত, মূলত এখন সংৰক্ষিত ভূ-খণ্ড। ১৯২৮ চনৰ পৰা আৰু ১৯৭৮ চনত ই হৈ পৰে ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল, এখন বন্যজন্তুৰ অধিকাৰ ক্ষেত্ৰ ৰূপে পৰিগণিত হয় ১৯৮৫ চনত, জীৱমণ্ডল সংৰক্ষিত এলেকা কৰা হয়১৯৮৯ চনত। ইয়াক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষনা কৰা হয় ১৯৯০ চনত, ৫০০ বৰ্গ কিঃ মিঃ ৰৰ বনানী খনৰ এই খণ্ডটো ছিৰাং জিলাৰ ৰিপু হস্তী সংৰক্ষিত বনাঞ্চলৰ ২৬০০ বৰ্গ কিঃ মিঃ ৰ কেন্দ্ৰীয় অঞ্চল। এই উদ্যান খনত ২২ বিধৰো বেছি জীৱ-প্ৰজাতি বিপদ সংকূল অৱস্থাৰ যিবোৰক বন্য জন্তু সংৰক্ষণ আইনৰ অধীনত পৰিকল্পিত কৰা হৈছে অনুসূচী ১ আৰু উচ্চ পৰ্য্যায়ৰ নিৰাপত্তা প্ৰদান কৰা হয়। ইয়াৰ অসাধাৰণ দৃশ্যাৱলীৰ কাৰণে মানস বিখ্যাত। উল্লোখ কৰা হয় যে এইনেস্কো বন্য জন্তু অধিকাৰ ঘোষনাত সৰ্বোকৃষ্ট প্ৰকৃতিক এলেকা ব্যতিক্ৰমি প্ৰাকৃতিক সৈন্দৰ্যৰে ভৰপুৰ আৰু নান্দতাত্বিক গুৰুত্বৰে। ইয়াক আৰু গুৰুত্বপূৰ্ণ পক্ষী এলাকা হিছাবে গণ্য কৰা হয় ৫০০ ৰো ওপৰ পক্ষী প্ৰজাতিৰ বাবে। মানস জৈৱ-বৈচিত্ৰ ইউনেস্কোৰ দ্বাৰা পোহৰলৈ অনা হৈছে তলত উল্লেখ কৰা শব্দৰে: 'সৰ্বমুঠ, প্ৰায় ৬০ প্ৰৰজাতিৰ স্তন্যপায়ী, ৪২ ধৰণৰ সৰিশৃপ, ৭ বিধ উভয়চৰ আৰু ৫০০ ৰো ওপৰত চৰাই, যাৰ ২৬ বিধ গোলকীয়ভাৱে ভাবুকিৰ সন্মুখিন হৈছে। গছ গছনি আৰু জন্তু বসতি প্ৰধান অঞ্চলত বিচিত্ৰ গছৃবল য`ত অন্তৰ্ভূক্ত হয় ৪৭ প্ৰজাতিৰ বৃক্ষ, ৪৯ গুল্ম, ৩৭ বিধ ঘাঁহ, ১৭২ বিধ তৃণজাতীয় আৰু ৩৬ বিধ লতা পোৱা যায়। পোন্ধৰ বিধ কপৌফুল, ১৮ প্ৰজাতিৰ ঢ়েকীয়া জাতীয় উদ্ভিদ আৰু ৪৩ প্ৰজাতি ঘাঁহ-বনে তৃণভোজদি জন্তুবোৰক জীৱন দায়িনী খাদ্যৰ যোগান ধৰে।.'

আপুনি কি চাব বিচাৰে ?

স্তন্যপায়ী : গঁড়, হাতী, বাঘ, নল গাহৰি, শহা, সোণালী বান্দৰ, অসমীয়া ভাটৌ; নাহৰফুটুকী, সোণালী মেকুৰী, লতা মাকৰী, হেপা, ধূসৰ ফুটুকী বাঘ, জংঘলী মেকুৰী, বৃহৎ ভাৰতীয় জহামাল, সৰু জহামাল, হিমালয়ান জহামাল, তাল মেকুৰী, বিনটুৰ`ঙ, সাধাৰণ নেউল, সৰু নেউল, হিমালয়ৰ কলা ভালুক, শ্লথ ভালুক, গৌৰ, পানী ম`হ, নীলগাই, হৰিণ, ভূকা হৰিণ, দল পহু, বনৰীয়া গাহৰি ইত্যাদি।

বহৎ পঞ্চৰ জৰীপ অনুযায়ী- এশিঙিয়া গঁড় ২৮(২০১৬) দল হৰিণ১০০(২০১৭), বনৰীয়া ম`হ ৫০৩(২০১৭), বাঘ ৩১ টা (২০১৬-১৭)হাতী ১০৩৪টা (২০১৭)

 

চৰাই: মানস হৈছে ৪৭৬ বিধ পক্ষী প্ৰজাতিৰ বাসস্থান। বগা পেটৰ বগলী, বেংগল ফ্লৰিকেন, শীৰ্ণ ঠোঁটৰ শগুণ, বগা ফিছাৰ শগুণ, ৰজা শগুণ ইত্যাদি বোৰ জটিলভাৱে সংকটত পৰা মানসৰ বিভিন্ন প্ৰজাতিৰ চৰাই। আন আন চৰাই যেনে পেলিকান, হাৰগিলা, ইগল, আইবিচ, ধনেশ, ভাটৌ আৰু টিঞা আদি ইয়াত পেৱা হয়।

 

পখিলা: ২০০ ৰো অধিক প্ৰজাতিৰ পখিলা তথ্যভূক্ত কৰা হৈছে মানসত। এইবোৰৰ লগত অন্তৰ্ভূক্ত কৰা হয় সাধাৰণ ম`ৰমন, কমন চেইলৰ, পিকক পানচি ইত্যাদি।

 

জলচৰ জীৱ: ৭৯ বিধৰো বেছি মাছ মানসত পোৱা যায়। অসম ৰূফ কাছ, ঠেক মূৰৰ কোমল চলংযুক্ত কাছও ইয়াত পোৱা হয়।

কেনেকৈ যাব পাৰি: গুৱাহাটী আন্তৰ্জাতিক বিমান বন্দৰ ১৪৫ কি: মি: আৰু বৰপেটা ৰোড ৰেলষ্টেছনৰ পৰা ২০ কি: মি: দূৰত্বত মানস অভায়ৰণ্য অৱস্থিত। অটাইতকৈ ওচৰৰ চহৰৰ পৰা পথৰ দুৰত্ব মানসলৈ হ`ব : কোকৰাঝাৰৰ পৰা ১১২ কি: মি:, নলবাৰীৰ পৰা ৬৬ কি: মি:, গুৱাহাটীৰ পৰা ১৩৭ কি: মি:, নগাঁৱৰ পৰা ২৭৪ কি: মি:।

ক`ত থাকিব:

  • মুচা জাংগল ৰিছ`ৰ্ট (যোগাযোগ.:+ ৯১ ৮৮১১৮৩২২৮৮; ইমেইল: musajungleretreat@gmail.com)
  • বাঁহবাৰী লজ(যোগাযোগ.: +৯১ ৯৪৩৫৫৫১২৯৭; ইমেইল: sales@assambengal.in)
  • শিখৰি লজ(যোগাযোগ.:act- দূৰভাষ.: +৯১ ৯৫৭৭৪৬৩৭০০)
  • এম এম ই এছ কটেজ(এম এম ই এছ, ককিলাবাৰী যোগাযোগ- দূৰভাষ.: +৯১ ৮০১১৩১১৯৩৬)
  • মানস ল`টেল পৰ্যটক লজ(যোগাযোগ- দূৰভাষ.: + ৯১ ৯৯৫৪৯৫৮৭৯২; ইমেইল: manasmoteleco-society@rediffmail.com)
  • বিৰিণা লজ (যোগাযোগ-দূৰভাষ.: +৯১ ৯৬১৩০৪৯১৪১/৯৪৩৫১২০০৫১; ইমেইল: asthantt@gmail.com)
  • ফ্লৰিকেন কটেজ(যোগাযোগ-দূৰভাষ.: +৯১ ৮৮১২৮৪৪১৫৬/৭৮৯৬৬৪৮৯৪০; ইমেইল: mewssociety@yahoo.com)
  • স্মাইলিং তাচকাৰ(যোগাযোগ-দূৰভাষ.: +৯১ ৯৪৩৫২০৬২৯৬, ইমেইল: smilingtusker2008@gmail.com)
  • মানস ভিউ জাংগল ৰিজৰ্ট (যোগাযোগ-দূৰভাষ.: +৯১ ৯৯৫৭৫১৬১১৬)
  • প্ৰকৃতি নীড় (যোগাযোগ-দূৰভাষ.:+ ৯১ ৯৪৭৬৮৮৫২৭৭)

বন জিৰণি ঘৰ: যোগাযোগ – Hএইছ কিউ বিট কাৰ্য্যালয়, মানস, ব্যঘ্ৰ সংৰক্ষণ, দূৰভাষ-+৯১ ০৪৩৫০২২৯২০

আন প্ৰশ্নৰ কাৰণে যোগাযোগ: ক্ষেত্ৰ সঞ্চালক, মানস ব্যঘ্ৰ সংৰক্ষিত এলেকা, বৰপেটাৰোড-৭৮১৩১৫, দূৰভাষ-(০৩৬৬৬)২৬১৪১৩(কাঃ)২৬০৫৬০(ৰাঃ)+৯১ ৯৪৩৫১১১১৭২;ই-মেইল: fd.manastp@gmail.com ; ডি ৱাই.ক্ষেত্ৰ সঞ্চালক, মানস ব্যঘ্ৰ সংৰক্ষিত বন, বৰপেটা ৰোড-৭৮১৩১৫, দূৰভাষ.: +৯১৯৪৩৫১০৫৫৭৯ ৱেবচাইট:http://worldheritagemanas.com/

দৰ্শনৰ কাৰণে উৎসৃষ্ট ঋতু: নবেম্বৰৰ পৰা এপ্ৰিললৈ

 

ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান

এইখন ৰাষ্ট্ৰীট উদ্যান লগতে জৈৱবৈচিত্ৰৰ সংৰক্ষিত বন এলাকা ৩৪০ বৰ্গ কি: মি: ভূমিৰে আবৰা তিনচুকীয়া জিলাত অৱস্থিত।

ডিব্ৰু-চৌখোৱা হাবি একক আবাস হিচাবে এক বিশেষ এক বিশেষ অঞ্চল, ১৯৫০ চনৰ বৃহৎ ভূমিকম্পৰ পাছত বিস্তৃত পৰিবৰ্তনৰ মুখামুখী হয় জীৱৰ আবাস ক্ষেত্ৰত। পৰিভ্ৰমি চৰাইবোৰ হ`ল ইয়াৰ প্ৰধান আকৰ্ষণ।

আপুনি কি চাবলৈ আশা কৰে

স্তন্য পায়ী: ৩৬ বিধ জন্মৰ আবাসভূমি হিচাবে দেখুৱা এই বনত বাঘ, হাতী, নাহৰ ফুটুকী, বন মেকুৰী, ভালুক, সৰু জহামাল, কেৰ্কেটুৱা, শিহু, টুপি বান্দৰ, হ`লক, হলৌ বান্দৰ, বন গাহৰি, হৰিণ, বহু, পানী ম`হ, বন্য ঘোঁৰা ইত্যাদি।

চৰাই: এই বনক এখন গুৰত্বপূৰ্ণ পূৰ্ণ পক্ষী অৰণ্য হিচাপে গণ্য কৰা হয় (আই বি এ)। ৩৮২ বিধৰো বেছি বিভিন্ন প্ৰজাতিৰ চৰাই পোৱা হয়, তাৰ ভিতৰত হ`ল বৃহৎ বৰটোকোলা, সৰু বৰটোকোলা, বৃহৎ জঁ থকা গ্ৰীবি কৰমোৰেণ্ট, খোল ঠোঁটৰ হাৰগিলা, কলা গলৰ বৰটোকোলা, বৃহৎ সুহুৰি দয়া শৰালী, মুগা ঠেঙৰ ৰাজহাঁহ, কুৰুৱা, শগুণ শেন চৰাই, জঁযুক্ত শেন, পেলিকান, দলপুঙ, বাবলাৰ, জাৰদন বাবলাৰ, কলা বুকুৰ ভাটৌ, বগা পাখীৰ বন হাঁহ, ঈগল, প`চাৰ্ড, ধনেশ, টুপিযুক্ত পাৰ, দলমৰা ইত্যাদি। উদ্যানখন শালিক্স গছ`ৰ প্ৰাকৃতিক উজ্জীৱিত অৱস্তাৰ কাৰণে বিখ্যাৎ।

কেনেকৈ ঢুকি পাব পাৰি: উদ্যানখন চাব পাৰি তিনচুকীয়া চহৰত থাকি। মোহনবাৰী (ডিব্ৰুগড়) বিমানবন্দৰ অটাইতকৈ ওচৰত আছে যি তিনচুকীয়া চহৰৰ পৰা মাত্ৰ ৪০ কিঃ মিঃ দূৰ। গুৱাহাটী আৰু তিনচুকীয়াৰ মাজৰ দুৰত্ব ৫০০ কিঃ মিঃ তিনচুকীয়াৰ ডিব্ৰুগড়ৰৰ সৈতে সুন্দ্ৰৰ সংযোগ আছে ৩৭ লম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে আৰু দূৰত্ব মাত্ৰ ৫৫ কিঃমিঃ ঢলা হ`ল অটাইতকৈ ওচৰৰ চহৰ চৈ-খোৱাঘাটৰ মুখতে।

ক`ত থাকিব: হোটেল হাইৱে, এ টি ৰোড, তিনচুকীয়া, দূৰভাষ- (০৩৭৪) ২৩৩৫৩৮৩ / ২৩৩২৭৮৩ / ২৩৪০৮২০, হোটেল জ্যোতি ৰঙাগ`ড়া ৰোড, তিনচুকীয়া, দূৰভাষ- (০৩৭৪)২৩৩৩২৪৩, হোটেল উৰ্মিলা কণ্টিনেণ্টেল, ৰঙগ`ড়া ৰোড, তিনচুকীয়া, দূৰভাষ- (০৩৭৪)২৩৩৩৭৭৭/২৩৩৩৭৭৩, হোটেল ইন্দ্ৰলোক, প্ৰকাশ বজাৰ, তিনচুকীয়া, দূৰভাষ- (০৩৭৪)২৩৪০৪৩৫ আৰু বনশ্ৰী ইকো-কেম্প, গুইজান, তিনচুকীয়া, দূৰভাষ- (০৩৭৪)২২৩৭৬৬৬।

দৰ্শনৰ কাৰণে কাক যোঘাযোগ কৰিব: মাণ্ডলিক বন বিষয়া তিনচুকীয়া, বন্যজন্তু বিভাগ, তিনচুকীয়া, পিন-৭৮৬১২৬, দূৰভাষ-(০৩৭৪)২৩৩১৪৭২ (অঃ)ৰেঞ্জাৰৰ বন কাৰ্য্যালয়, গুইজান বন্যজন্তু খণ্ড, ডাক, গুইজান, ৰেঞ্জাৰৰ বন কাৰ্য্যালয়, চৈখোৱা বন্যজীৱ মণ্ডল, ন-বৰমূঢ়া, ডাক ঢ`লা।

দৰ্শনৰ কাৰণে উৎসৃষ্ট ঋতু : নবেম্বৰৰ পৰা এপ্ৰিললৈ

 

নামেৰি ৰাষ্ট্ৰীয় উদ্যান

২০০ বৰ্গ কিঃমিঃ নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। অৰুনাচল প্ৰদেশৰ সীমান্তবৰ্তী এই উদ্যানখনৰ মূল মাটি-কালি ৩৪৪ এছ কিউ কিঃমিঃ। দৰ্শনাৰ্থীয়ে দক্ষিণ-পশ্চিম সীমাত থকা জীয়া ভৰলীত ভূৰ উপভোগ কৰিব পাৰে।

আপুনি কি চাব আশা কৰে

স্তন্যপায়ী : বাঙ, নাহৰ ফুটুকী, ধুসৰ নাহৰ ফুটুকী, হাতী, গৌৰ, বনগাহৰি, চাম্বৰ, হৰিণ, শহা, লড়ি, বান্দৰ, ঢলি, সৰু ভালুক, বাৰ্মাৰ শিয়াল, বনটাৰং ইত্যাদি।

চৰাই: বন হাঁহ, কুৰুৱা, সৰু বৰটোকোলা, ফুটফুটীয়া ঈগল, বগা পাখীৰ শগুণ, দীঘল ঠোঁটৰ শগুণ, গঙ্গা চিলনী, ধনেশ, আৰু আন দুই-তিনি প্ৰকাৰৰ ধনেশ পক্ষী পোৱা যায়।

সৰীশৃপ: পিঠি-উঠা কাছ, কোমল চলঙৰ কাছ, সমান পিঠিৰ কাছ, দক্ষিণ এছিয়াৰ পাত কাছ, সাধাৰণ অঞ্চলৰ সাপ, ব্ৰহ্মদেশীয় আজাৰ, ফেটিসাপ, ৰজা ফেটি, ভাইপাৰ, মণিটৰ লিজাৰ্ড ইত্যাদি।

কেনেকৈ ঢুকি পাব পাৰি: নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শালনিবাৰী বিমানকোঠ, (তেজপুৰ) আটাইতকৈ ওচৰ হয়, ৩৪ কিঃমিঃ আৰু তেজপুৰ চহৰৰ পৰা ৪০ কিঃমিঃ মাত্ৰ। নামেৰৰ দূৰত্ব গুৱাহাটীৰ পৰা ২২০ কিঃমিঃ, যোৰহাটৰ পৰা ২১৫ কিঃমিঃ, নগাঁৱৰ পৰা ১১০ কিঃমিঃ আৰু কাজিৰঙাৰ দূৰত্ব ১২৫ কিঃমিঃ।

ক`ত থকিব: ব্লু-স্তাৰ হোটেল, জোনাকী বিল্ডিং, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২০৬৮২, ওৱেচিছ হোটেল, জোনাকী ৰোড, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২০৭২৪, হোটেল লুইট, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২২০৮৩, হোটেল গ্ৰীণ ভিউ, মেইন ৰোড, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২৩৬৮৫, কন্যাপুৰ হোটেল, হাতী বিলখানা, তেজপুৰ, দূৰভাষ-(০৩৭১২)২২০২৬১।

পৰ্যটক লজ/ৰিজৰ্ট: অসম (ভৰলি) এংলিং সংৰক্ষিত সংঘ, তেজপুৰ ষ্টেছন ক্লাৱ, তেজপুৰ, পিন-৭৮৪০০১, দূৰভাষ০(০৩৭১২)২২০৮৫৪, ইমেইল: assamangling@yahoo.com, যোগাযোগ শ্ৰীমান এছ বি দত্ত ইকো-কেম্প, পোটাশালি গাওঁ, তেজপুৰ, তৰাজান, ডাক-গামনি, জিলা-শোণিতপুৰ, পিন-৭৮৪১০৩, যোগাযোগ- শ্ৰীমান ৰনেশ ৰয়, কেম্প সঞ্চালক, দূৰভাষ-৯৪৩৫১৯৭৬৫০।

দৰ্শনৰ কাৰণে কাক লগ কৰিব: মাণ্ডলিক বন বিষয়া, পশ্চিম অসম বন্যজীৱ বিভাগ, ডোলাবাৰী, তেজপুৰ, দূৰভাষ-(০৩৭১২)২৬৮০৫৪, ৰেঞ্জাৰৰ কাৰ্য্যালয়, নামেৰি বন্যজীৱ ৰেঞ্জ, পোটাশালী(অসম), দূৰভাষ (০৩৭১৪) ২৭০৫৫৮ (কাঃ)।

দৰ্শনৰ কাৰণে উৎকৃষ্ট সময়: নবেম্বৰৰ পৰা এপ্ৰিললৈ।

 

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত ৰাজ্যৰ আটাইতকৈ পুৰণি সংৰক্ষিত বনাঞ্চল। সৰ্বমুঠ মাটি-কালি ৭৮.৮০ বৰ্গ কিলোমিটাৰ আৰু বিশেষকৈ মাছৰ বিভিন্ন প্ৰজাতিৰ উৎপাদন স্থল।

আপুনি কি চাপলৈ আশা কৰে

স্তন্যপায়ী: গঁড়, বাঘ, মালজুৰিয়া হাতীৰ জাক, সুগৰী পহু, বন গাহৰি, জহামাল, কেটেলা পহু আৰু গঙ্গা উপত্যাকাৰ ডলফিন।

চৰাই: ২২২ বিধ চৰাইৰ সংখ্যা জৰীপত ওলাইছে তাৰ ভিতৰত ফুটফুটায়া ঠোঁটৰ পেলিকান, বগা পেলিকান, হাৰগিলা, বৰটোকোলা, ব্ৰাহ্মিনী হাঁহ, দ্বীতিয় সৰ্ববৃহৎ বেংগল ফ্ৰৰিকেন ইত্যাদি।

সৰীসৃপ: ভাৰতীয় শৈল অজগৰ, কল ক্ৰেইট, ৰজা ফেটি, মনিটৰ ডেঠি।

কাছ: প্ৰায় সাত প্ৰকাৰৰ কাছ আৰু ডুৰা কাছ ইয়াত পোৱা যায়।

কেনেদৰে তালৈ যাব পাৰি: আটাইতকৈ ওচৰৰ বিনামবন্দৰ হ`ল শালনিবাৰী, তেজপুৰ ৮০ কিঃমিঃ আৰু এল জি বি আই গুৱাহাটী বিমান বন্দৰ ১৫০ কিঃমিঃ দূৰত্বত অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ১৮ কিঃমিঃ দক্ষিণে ধনশিৰী ঘাটত অৱস্থিত আৰু মঙ্গলদৈৰ পৰা ৭০ কিঃমিঃ আৰু গুৱাহাটী পৰা ১৫০ কিঃমিঃ।

কত থাকিব পাৰি: সাত শিমলু জিৰণ ঘৰ, থকা-খোৱাৰ উন্নত ব্যৱস্থা থকাৰ উপৰি দুস্প্ৰাপ্য বন্য জন্তুৰ দৰ্শন স্থলি আৰু শিলবৰি জিৰণি ঘৰ অসম পৰ্যটন লজৰ মুখ্য কাৰ্য্যালয়ৰ নিকটত আৰু উদ্যানত প্ৰৱেশ পথৰ কাষত অৱস্থিত পযৰ্টন বিভাগৰ দ্বাৰা পৰিচালিত, এটা সময়ত ১৬ জন লোক থাকিব পৰা ব্যৱস্থা তাত আছে। ইয়াত ৮ টা জুপুৰি আছে। বন বিভাগৰ শয়ন কক্ষ দুৱাৰ মুখতে আছে য`ত একেলগে ৪০ জন লোকে খোৱা-শোৱা কৰিব পাৰে বিছনাপত্ৰ ননাকৈ।

দৰ্শনৰ কাৰণে কাক লগ কৰিব: সাংমণ্ডলিক বন বিষয়া, মঙ্গলদৈ বন্যজন্তু বিভাগ, মঙ্গলদৈ, দৰং, দূৰভাষ-(০৩৭১৩)২৩০০২২, ৰেঞ্জ বন বিষয়া, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, শালবড়ী, দূৰভাষ-(০৩৭১২) ২৮২৩৭৯।

দৰ্শনৰ কাৰণে উৎকৃষ্ট সময়: নবেম্বৰৰ পৰা এপ্ৰিললৈ।