কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ গোলাঘাট, নগাওঁ আৰু শোণিতপুৰ জিলাৰ সংযোগ অংশত অৱস্থিত। উদ্যানখনৰ মূখ্য কাৰ্য্যালয় আছে বোকাখাটত, ৰাষ্ট্ৰীয় ঘাই পথ ৩৭ৰ ওপৰত যিটো এটা উপ-সংমণ্ডলৰ মুখ্য কাৰ্য্যালয় বোকাখাটৰো অসমৰিক উপ সংমণ্ডল, গোলাঘাট জিলাত। বোকাখাট গুৱাহাটীৰ পৰা ২৪০ কিঃমিঃ পূৰ্ব প্ৰান্তত যিখন আসমৰ ৰাজধানী মহানগৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়।
কাজিৰঙাৰ পাঁচটা ৰেঞ্জ আছে পূৰ্ব ৰেঞ্জ আগৰাতলি (যিখন প্ৰায় ৪ কিঃমিঃ উত্তৰ-পূৱত অৱস্থিত ৰোকাখাটৰ পৰা) কেন্দ্ৰীয় ৰেঞ্জ, কহৰা(যিখন বোকাখাটৰ পৰা ২০ কিঃমিঃ পশ্চিমত অৱস্থিত)বাগৰিত আছে পশ্চিম ৰেঞ্জ (যিখন ক`হৰাৰ পৰা ১২ কিঃমিঃ পশ্চিমত অৱস্থিত), বুঢ়াপাহাৰ ৰেঞ্জ, ঘোঁৰাকাটা (যিটো বাগৰিৰ পৰা প্ৰায় ২৫ কিঃমিঃ পশ্চিম ফালে ৰাষ্ট্ৰীয় ঘাই পথ-৩৭ত) আৰু উত্তৰ ৰেঞ্জ বিশ্বনাথত (যিটো আকাশী পথেৰে ৪৪ কিঃ মিঃ বোকাখাটৰ পৰা উত্তৰ-পশ্চিমে আৰু পথেৰে দূৰত্ব হয় ১৬৮ কিঃমিঃ)।
কহৰালৈ যোৱাৰ আটাইতকৈ সুবিধাজনক উপায় হ`ল উৰাজাহাজেৰে গুৱাহাটীলৈ যিবোৰ আহে উত্তৰ পূৰ্বাঞ্চলৈ আন অঞ্চলৰ পৰা। গুৱাহাটীলৈ নিয়মীয়া উৰণ আছে দিল্লী, কলকটা, ইম্ফল, আগৰতলা, বাগডোগৰা, ডিব্ৰুগড়, শিলচৰ আৰু যোৰহাটৰ পৰা। গুৱাহাটীত অৱতৰণ কৰি ঘাইপথেৰে কহৰালৈ বা বাগৰিলৈ আহক আৰু ৪-৫ ঘণ্টাৰ যাত্ৰাৰ অন্তত উপস্থিত হওকহি। গুৱাহাটী আৰু কলকটাৰ পৰা যোৰহাটলৈ উৰণ আছে। যি কোনো এজনে যোৰহাটত অৱত্ৰণ কৰি ১ ১/২ ঘণ্টা পথ যাত্ৰা কৰিলে কহৰাত উপস্থিত হ`ব পাৰে। শিলচৰৰো গুৱাহাটী আৰু কলকটাৰ লগত সুন্দৰ যোগাযোগ আছে। সি যি কি নহওক, পথযাত্ৰা হয় দীঘলীয়া আৰু শ্ৰমসাধ্য।
যি কোনো এজনে গুৱাহাটীলৈ ৰেলেৰে আহিব পাৰে যিখন মহানগৰীৰ সৈতে ভাৰতৰ আন প্ৰান্তৰ সুন্দৰ ৰেল যোগাযোগ আছে। Fগুৱাহাটীৰ পৰা এজন লোকে পথ যাত্ৰা কৰি কহৰা ঢুকি পাব পাৰে অতি সহজতে। গুৱাহাটীৰ পৰা যোৰহাট/ডিব্ৰুগড়লৈ ৰেলৰ ব্যৱস্থা আছে। যিকোনো এজনে যোৰহাটত অৱতৰণ কৰি কহৰালৈ আহিব পাৰে।
কাজিৰঙাৰ কাৰণে কহৰা হৈছে প্ৰধান পৰ্যটন কেন্দ্ৰস্থল। এইখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে যিটো গুৱাহাটীৰ লগত সংলগ্ন পশ্চিমফালো আৰু পূৱফালে যোৰহাটৰ লগত। গুৱাহাটীৰ পৰা ৪-৫ ঘণ্টাৰ ভিতৰত ভ্ৰমনৰ গতি আৰু ট্ৰেফিক জামৰ ওপৰত নিৰ্ভৰ কৰি। গুৱাহাটীৰ পৰা পথচোৱা গুৱাহাটী-সোণাপুৰ-ক্ষেত্ৰী-জাগিৰোড-নেলি- ধৰমতুল-নগাওঁ-(বাইপাচ)-পুৰণিগুদাম-চামগুৰি-কলিয়াবৰ তিনিআলি(সংযোগস্থল য`ৰ পৰা যিকোনো এজনে তেজপুৰলৈ গতি সলাব পাৰে)জখলাবন্ধা-বুঢ়াপাহাৰ-(ঘোঁৰাকাটি)-বাগৰি-কহৰা।
কহৰালৈ আহিব পাৰি যোৰহাটৰ পৰা(আৰু তৰো বেছি পূৱত থকা শিৱসাগৰৰ পৰা যিখন যোৰহাটৰ পৰা ৫৬ কিঃমিঃ পূৱত আৱস্থিত আৰু ৰাষ্ট্ৰী ঘাই পথেৰে তাৰো আগত অৰ্থাৎ যোৰহাটৰ পৰা ১৪০ কিঃমিঃ পূৱত ডিব্ৰুগড় অৱস্থিত। কহৰা যোৰবাটৰ পৰা ৮৮ কিঃমিঃ পশ্চিমত আৱস্থিত। যোৰহাটৰ পৰা কহৰালৈ অহা পথচোৱাত পোৱা হয়- যোৰহাট-ডেৰগাওঁ-ৰঙামাটি-বাদুলিপাৰ-কমাৰগাওঁ-নিমলিগড় তিনিআলি (ইয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ৰে গোলাঘাট আৰু ডিমাপুৰলৈ যাব পাৰি) বেহোৰা-বোকাখাট-কহৰা।
তেজপুৰৰ পৰা কহৰালৈ আহিব পাৰি (দূৰ পূৱৰ ইটানগৰ, যি প্ৰায় ১৬৫ কিঃমিঃ দূৰ তেজপুৰ ৰাষ্ট্ৰীয় ঘাইপথ ৫২ৰ পৰা পূৰ্বদিশত) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কলিয়া ভোমোৰা দলঙৰ দ্বাৰা সংযোগ স্থাপন হোৱা পথেৰে তেজপুৰৰ পৰা কলিয়াবৰ তিনিআলিলৈ (এন এইছ- ৩৭)আহিব পাৰি। তেজপুৰৰ পৰা কলিয়াবৰলৈ দূৰত্ব হয় ২৫ কিঃমিঃ। তাৰপৰা বাওঁফালে ঘুৰি ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ হৈ জখলা বন্ধা-বুঢ়াপাহাৰ(ঘোঁৰাকাটা)-বাগৰি-কহৰা।
গোলাঘাটৰ পৰা কহৰালৈ আহিব পাৰি (দূৰ দক্ষিণ ডিমাপুৰ যিখন ৮৫ কিঃমিঃ দক্ষিণত ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ত থকা গোলাঘাট চহৰৰ পৰা, আৰু ডিফু যি গোলাঘাটৰ পৰা দূৰত্ব হয় ১২০ কিঃমিঃ) ৰাষ্ট্ৰীয় ঘাইফত ৩৯ৰ উত্তৰ ফালে ঘূৰিলে গোলাঘাটৰ পৰা নুমলিগড়লৈ- এন এইছ ৩৭ তিনিআলি সংযোগেৰে বাওঁফালে ঘূৰি এন এইছ ৩৭ৰে গোলাঘাটৰ পৰা কহৰালৈ দূৰত্ব হয় প্ৰায় ৫০ কিঃমিঃ।
শিলচৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ৫৪ ৰে যিকোনো এজন লোকে নগাওঁ(বাইপাছ)লৈ আহিব পাৰে বান্দৰখান-জাতিংগা-হাফলং-মাহুৰ-মাইবং-লামডিং-ডবকা-কঠিয়াতলি হৈ।
শ্বিলঙৰ পৰা কহৰালৈ আহিব পাৰি যোৰহাট হৈ (যি ৰাষ্ট্ৰীয় ঘাইফত ৪ৰে শ্বিলঙৰ পৰা ৪০ কিঃমিঃ যোৱাৰ পথত অতিক্ৰম কৰিব লাগিব নংপো আৰু আমলিং। যোৰাবাটৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ সোফালে ঘূৰি গৈ থাকিলে পথত পাব সোণাপুৰ-ক্ষেত্ৰী-জাগিৰোড-নেলী-ধৰমতুল-নগাওঁ-(বাইপাছ)-পুৰণিগুদাম-ছামগুৰী-কলিয়াবৰ তিনিআলি-(সংযোগ স্থল, যৰ পৰা তেজপুৰলৈ যাব পাৰি) জখলা বন্ধা-বুঢ়াপাহাৰ(ঘোঁৰাকাটা)-বাগৰি-কহৰা।
ভ্ৰমণ সুবিধাৰ চমু তালিকা:
পথ | যাত্ৰা কৰা ঠাই | লক্ষ্যস্থান | পৰিবহণ | দূৰত্ব | সময় |
---|---|---|---|---|---|
পথ নং ১ | লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, বৰঝাৰ, গুৱাহাটী | কাজিৰঙা কহৰা | পথেৰে এন এইছ-৩৭ | ২৫০ কিঃমিঃ | ৫ ঘণ্টা |
পথ নং ২ | ৰৰৈয়া বিমানবন্দৰ | কাজিৰঙা কহৰা | পথেৰে এন এইছ | ১০৫ কিঃমিঃ | ২ ঘণ্টা |
পথ নং ৩ | গুৱাহাটী ৰেলৱে ষ্টেচন | কাজিৰঙা কহৰা | পথেৰে এন এইছ | ২১০ কিঃমিঃ | ৪ ঘণ্টা |
পথ নং ৪ | তেজপুৰ | কাজিৰঙা কহৰা | পথেৰে এন এইছ | ৯০ কিঃমিঃ | ২ ঘণ্টা |